পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লগোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লগোৱা   বিশেষ্য

অর্থ : লগোৱা কার্য

উদাহরণ : গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী

অর্থ : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য

উদাহরণ : দূৰভাষ লগাওতে অধিক সময় নালাগিব

লগোৱা   ক্ৰিয়া

অর্থ : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়

উদাহরণ : তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা

অর্থ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া

উদাহরণ : লতাই কুর্তাটোত বুটাম লগাই আছে

সমার্থক : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা

অর্থ : ভালদৰে স্থিৰ কৰা কার্য

উদাহরণ : ৰাজমিস্ত্ৰীয়ে মজিয়াত টাইলচ লগাইছে

সমার্থক : বহুওৱা

অর্থ : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা

উদাহরণ : সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে

সমার্থক : খটোৱা

অর্থ : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া

উদাহরণ : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়

সমার্থক : ঘঁ্হা, সনা

অর্থ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া

উদাহরণ : সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে

সমার্থক : অভিলেপ কৰা, চৰোৱা

অর্থ : কোনো সঠিক ঠাইত উপনীত কৰোৱা

উদাহরণ : ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি

অর্থ : উদ্ভিদ আদিৰ ৰোপন কার্য

উদাহরণ : মালীয়ে টাবত গোলাপৰ কলম লগালে

সমার্থক : ৰোপন কৰা

অর্থ : ব্যৱহাৰ বা কামত অহা

উদাহরণ : ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে

সমার্থক : খৰচ কৰা

অর্থ : কার্যত সংলগ্ন কৰোৱা

উদাহরণ : এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে

অর্থ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য

উদাহরণ : সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে

সমার্থক : ওলোমাই থোৱা

অর্থ : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া

উদাহরণ : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়

সমার্থক : লেপন লগোৱা, সনা

অর্থ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা

উদাহরণ : দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে

সমার্থক : ব্যৱস্থিত কৰা, সজোৱা

অর্থ : ছাতি, চছমা আদি ধাৰণ কৰা

উদাহরণ : আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়

সমার্থক : ধাৰণ কৰা

অর্থ : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

উদাহরণ : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

সমার্থক : আৰোপ কৰা, দিয়া

অর্থ : বিনিয়োগ কৰা

উদাহরণ : তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে

সমার্থক : খটুৱা, বিনিয়োগ কৰা

অর্থ : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য

উদাহরণ : কামিজত বুটাম লগাই দিয়া

সমার্থক : লগাই দিয়া