ডাৱৰ (বিশেষ্য)
পৃথিৱীৰ পানীভাগ সূর্যৰ ্ তাপত ভাপ হৈ আকাশত জমা হোৱা অংশ আৰু যʼৰ পৰা বৰষুণ হয়
কইৰা চৰাই (বিশেষ্য)
মাইকী কুকুৰাৰ গঢ়ৰ কʼলা-মুগা বৰণীয়া এবিধ বনৰীয়া চৰাই, যাক মানুহে মাংস আৰু আনন্দদায়ক যুঁজৰ ্ কাৰণেও পোহে
ৰতিবিহ্বল (বিশেষণ)
যাৰ কামবাসনা বহুত
গহন (বিশেষণ)
অতি সূক্ষ্মকৈ
বেতসলতা (বিশেষ্য)
এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
নটী (বিশেষ্য)
ধন লৈ সম্ভোগ কৰোৱা নাৰী
পাদুকা (বিশেষ্য)
সুৰক্ষাৰ কাৰণে ভৰিত পিন্ধা চামৰা, কাপোৰ আদিৰে তৈয়াৰ কৰা গোটেইকেইটা আঙুলি ঢাকি ৰখা এবিধ সামগ্রী
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
বশ্য (বিশেষণ)
যি বশত আছে
থক-থক (বিশেষ্য)
টোকৰ বা খুন্দিওৱাৰ ফলত উৎপন্ন হোৱা শব্দ